বাজেট অধিৱেশনত বিত্তমন্ত্ৰী মাননীয়া শ্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে উত্থাপন কৰা আন বিষয়সমূহৰ লগতে মোৰ দায়িত্বত তথা বিভাগসমূহৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে ৷ কালি বাজেট অধিৱেশনত বিত্তমন্ত্ৰী মাননীয়া শ্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে উত্থাপন কৰা আন বিষয়সমূহৰ লগতে মোৰ দায়িত্বত তথা বিভাগসমূহৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে ৷ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ চলিত বৰ্ষত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোজনা আইনৰ অধীনত ২.৫ কোটি হিতাধিকাৰীক বিনামুলীয়া চাউল যোগান ধৰি অহাৰ লগতে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্নযোজনাৰ অধীনত প্ৰতিজন ব্যক্তিক ৫ কেজিকৈ অতিৰিক্ত বিনামুলীয়া চাউল যোগান ধৰা হৈছিল ৷ ২০২২-২৩ বৰ্ষত মুঠ ৪৮৮.৬৮ কোটি টকা ব্যয় সাপেক্ষে এই অন্নযোজনা অব্যাহত থাকিব ৷ এক ৰাষ্ট্ৰ এক পৰিয়াল পৰিচয় পত্ৰ আঁচনিৰ অধীনত ৰাজ্যৰ ৩৩,৯৮৭ লক্ষ্যৰ বিপৰীতে ২৮,৪৯২ গৰাকী সুলভ মূল্যৰ দোকানীক ইতিমধ্যে e-POS যন্ত্ৰ প্ৰদান কৰা হৈছে ৷ পৰিবহণকাৰী আৰু সুলভ মূল্যৰ দোকানীসকলক ক্ষিপ্ৰভাৱে ধন মুকলি কৰি দিয়াৰ বাবে পৰিবহণ ব্যয় আৰু দোকানীসকলৰ লাভালাভৰ ৰাজ্যিক অংশ চিলিঙৰ পৰা বাদ দিয়া হৈছে আৰু বিত্তীয় ক্ষমতা বিভাগক অৰ্পণ কৰা হৈছে ৷ তদুপৰি, ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰিবহণ ব্যয় আৰু লাভালাভ প্ৰদান কৰিবলৈ জিলাসমূহলৈ প্ৰায় ৬৮৮ কোটি টকা মুকলি কৰি দিছে ৷ অসম চৰকাৰে ২০২২-২৩ বৰ্ষৰ খাৰিফ শস্য বিপণন ঋতুৰ পৰাই বিকেন্দ্ৰীকৃত ক্ৰয় আঁচনি আৰম্ভ কৰিবলৈ ওলাইছে ৷ ১৫০ টা ধান ক্ৰয় কেন্দ্ৰ আৰু প্ৰায় ৩০ টা চাউল সংগ্ৰহ ভঁড়াল স্থাপনৰ প্ৰস্তাৱ কৰা হৈছে ৷ ইয়াৰফলত প্ৰায় ১,৯৪০ কোটি টকা পোনপটীয়াকৈ খেতিয়কৰ হাতলৈ যাব বুলি আশা কৰা হৈছে ৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৩৫০ কোটি টকাৰে ঘূৰ্ণীয়মান পুঁজি গঠন কৰা হ’ব ৷ ইয়াক আগবঢ়াই নিবলৈ আৰু ১০ লক্ষ্যত উপনীত হ’বলৈ ৫০ শতাংশ মূলধনী ৰাজসাহায্য আগবঢ়াব ৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত শীঘ্ৰে ৮৪ টা কল, ১১০ টা গুদাম আৰু ২০০ টা খাদ্য শস্য শুকোৱা গোট স্থাপনৰ যো-জা কৰা হৈছ ৷ ধান ক্ৰয়ৰ ক্ষেত্ৰত উদগনি যোগাবৰ বাবে ধান কলৰ মালিকসকলক ৰাজসাহায্য হিচাপে প্ৰতি কুইন্টলত ৭০ টকাকৈ দিয়াৰ প্ৰস্তাৱ কৰা হৈছে ৷ ইয়াৰোপৰি, প্ৰতি কুইন্টলত ১০ টকাকৈ কেন্দ্ৰীয় চৰকাৰে দি আছে ৷ ৰাজ্যত স্থাপন কৰিবলগীয়া প্ৰায় ১০,০০০ আদৰ্শ অংগনবাড়ী কেন্দ্ৰই পোনপটীয়াকৈ ভাৰতীয় খাদ্য নিগমৰ চাউল ক্ৰয় কৰিব ৷ এই প্ৰক্ৰিয়াৰ জৰিয়তে ৰাহি হোৱা ধন অন্যান্য খাদ্য সামগ্ৰী যোগানত ব্যৱহাৰ কৰা হ’ব ৷ ২০০০ কেন্দ্ৰ স্থাপনৰ বাবে পৰ্যাপ্ত পুঁজিৰ ব্যৱস্থা কৰা হৈছে ৷ সমবায় সমিতিসমূহক বিত্তীয়ভাৱে সবল কৰি তোলাৰ বাবে সমবায় সবলীকৰণ যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰা হৈছে য’ত খাদ্য শস্যৰ যোগান শৃংখল ব্যৱস্থাপনাৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে সমবায় সমিতিসমূহলৈ অনুদান আগবঢ়োৱা হ’ব ৷ সংগঠিত আৰু অধিক স্বচ্ছ ধান ক্ৰয় নিশ্চিত কৰাৰ বাবে এই বিভাগটোৱে বিকশাই তুলিছে এটা অনলাইন ক্ৰয় ব্যৱস্থা, যিয়ে ক্ৰেতা অভিকৰণসমূহৰ প্ৰয়াসক সহজসাধ্য কৰি তুলিব ৷ ইয়াৰবাবে ১০২৮.৩০ কোটি টকাৰ প্ৰস্তাৱ ৰখা হৈছে ৷ Related postsJanuary 17, 2024নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ বাবে ক্লাষ্টাৰ তত্বাৱধায়কৰ সভাত অংশগ্ৰহণ …Read moreJanuary 8, 2024আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত…..Read moreDecember 22, 2023সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্নRead more