পাটাছাৰকুছিৰ কেইবাগৰাকী সদ্যপ্ৰয়াত ব্যক্তিৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰোঁ ৷

ফাকুৱাৰ এই ৰং আনন্দৰ উৎসৱক নিয়তিৰ নিষ্ঠুৰ পৰিস্থিতিৰ ওচৰত হাৰ মানি পালন কৰিব নোৱাৰা মোৰ নিজা সমষ্টি পাটাছাৰকুছিৰ কেইবাগৰাকী সদ্যপ্ৰয়াত ব্যক্তিৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰোঁ ৷

জনতাই নিৰ্বাচন কৰি পঠোৱা জনপ্ৰতিনিধি হিচাবে জনতাৰ সুখ-দুখৰ প্ৰতিটো সময়ত তেখেতসকলৰ কাষত থিয় দিয়াটো আমাৰ নৈতিক দায়িত্ব ৷ সেই দায়িত্বক হৃদয়ঙ্গম কৰি আজি উৎসৱ পালন কৰাৰ পৰিৱৰ্তে পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত গোবিন্দপুৰৰ প্ৰয়াত জয়ন্ত গোস্বামী, চুলিয়াপাৰাৰ প্ৰয়াত পাৰুল দাস, বৰবাঙৰ প্ৰয়াত নৃপেন কলিতা আৰু ৰহধৰ-বিৰক’লাৰ প্ৰয়াত পদুমী দাসৰ শোকত ম্ৰিয়মান পৰিয়ালবৰ্গক এই দুখৰ সময়ত এষাৰ মাত লগোৱাৰ লগতে তেখেতসকলৰ দুখৰ সমভাগী হোৱাৰ প্ৰয়াস কৰোঁ ৷ প্ৰভু ভগৱন্তই তেখেতসকলক ধৈৰ্য, সাহস আৰু শক্তি প্ৰদান কৰক তাকে প্ৰাৰ্থনা জনাইছোঁ ৷

 

শেষত, আটাইকেইগৰাকী প্ৰয়াত ব্যক্তিৰ বিদেহ আত্মাৰ সদগতিৰ কামনা কৰিছোঁ ৷ তেওঁলোক য’তেই আছে পৰমেশ্বৰে সকলোকে কুশলে ৰাখক এয়ে প্ৰাৰ্থনা ৷

৷৷ ঔঁম শান্তি ৷৷