শিৱসাগৰৰ প্ৰতিভাবান যুৱতী শ্ৰীমতী নিমিশা কাকতিয়ে তামোলৰ ঢকুৱাত আঁকি উলিওৱা চিত্ৰ সমূহ পৰিদৰ্শন কৰি আপ্লুত হ’লো

আজি শিৱসাগৰৰ প্ৰতিভাবান যুৱতী শ্ৰীমতী নিমিশা কাকতিয়ে তামোলৰ ঢকুৱাত আঁকি উলিওৱা চিত্ৰ সমূহ পৰিদৰ্শন কৰি আপ্লুত হ’লো ৷ যুৱতী গৰাকীয়ে বৰ্তমানৰ বিধান সভাৰ মাননীয় অধ্যক্ষ, মাননীয় মুখ্যমন্ত্ৰী, মাননীয় উপাধ্যক্ষ আৰু কেবিনেট মন্ত্ৰী তথা বিধায়ক সকলক তামোলৰ ঢকুৱাত সুন্দৰকৈ অংকন কৰিছে ৷

উল্লেখ্য যে, অসম বিধানসভাৰ সচিবালয়ৰ অস্থায়ী চাহমেল কক্ষত থকা তিনিখন অস্থায়ী ৱালত এই চিত্ৰসমূহ ওলমাই ৰখা হৈছে ৷

তেখেতৰ এই প্ৰতিভা অতিকৈ প্ৰশংসনীয় ৷ নিমিশা কাকতিয়ে আমাক যি মৰমৰ উপহাৰ দিলে তাৰবাবে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷ লগতে, তেখেতৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছোঁ ৷