আজি স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) ৰ গোটা আৱৰ্জনা নিষ্কাশন ব্যৱস্থাপনাৰ অধীনত পাটাছাৰকুছি বিধানসভা সমষ্টিৰ ৫ খন গাঁও পঞ্চায়তলৈ আৱৰ্জনা কঢ়িওৱা ই-ৰিক্সা বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভ কৰোঁ ৷

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অন্যতম প্ৰশংসনীয় পদক্ষেপ “স্বচ্ছ ভাৰত মিছন” ৰ অধীনত পাটাছাৰকুছিৰ ৫ খন গাঁও পঞ্চায়তলৈ আৱৰ্জনা কঢ়িওৱা ই-ৰিক্সাৰ চলাচলে ৰাইজক উপকৃত কৰি তুলিব বুলি মোৰ দৃঢ়বিশ্বাস। য’ত পৰিষ্কাৰ-পৰিচ্ছন্নতাই বিৰাজ কৰে, ত’তেই সংস্কাৰৰ মানসিকতাৰ গঢ় লয়।

অনাগত দিনত, এখন স্বচ্ছ অসম গঢ়ি তোলাৰ সংকল্পৰে আগবাঢ়ি পাটাছাৰকুছি সমষ্টিবাসীয়েও ঐক্যবদ্ধ হৈ নিজ অঞ্চলসমূহক নিকা কৰি আৱৰ্জনা কঢ়িওৱা ই-ৰিক্সা সমূহৰ উদ্দেশ্য সফল কৰিব বুলি মই আশাবাদী।





