আজিৰে পৰা বজালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত দুদিনীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অভিলাষী আঁচনি “অসম ক্ষুদ্ৰ বিত্তীয় উদগণি আৰু সকাহ আঁচনি-২০২১” ৰ আনুষ্ঠানিক চেক বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে

অসম চৰকাৰৰ বিত্ত বিভাগ আৰু বজালী তথা বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা বজালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত দুদিনীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অভিলাষী আঁচনি “অসম ক্ষুদ্ৰ বিত্তীয় উদগণি আৰু সকাহ আঁচনি-২০২১” ৰ আনুষ্ঠানিক চেক বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷

আজি প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিভিন্ন ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ ৫,৫৭৮ গৰাকী প্ৰথম শ্ৰেণীৰ নিয়মীয়া পৰিশোধকাৰীক এই আঁচনিৰ অধীনত মুঠ ৬ কোটি ১৯ লাখ টকাৰ চেক বিতৰণ কৰোঁ ৷

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়া প্ৰতিশ্ৰুতি অনুযায়ী ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ নিয়মীয়াকৈ পৰিশোধ কৰি থকা মহিলাসকলক আৰ্থিক সকাহ প্ৰদান কৰাৰ হেতু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই আঁচনিখন কাৰ্যকৰী কৰা হৈছে ৷

এই সাহায্যই ঋণগ্ৰস্ত মহিলাসকলক আৰ্থিক সকাহ দিব বুলি মই আশাবাদী ৷ আগন্তুক দিনত তেওঁলোকে অন্যান্য উদ্যোগিক দিশত মনোনিৱেশ কৰাত গুৰুত্ব দিবলৈ আজিৰ এই সভাৰ জৰিয়তে সকলোকে আহ্বান জনাওঁ ৷