আজি ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ মুখ্য কাৰ্যালয়ত এখনি দলীয় সভা সম্বোধন কৰোঁ। সভাত কাৰ্যকৰ্তা সকলৰ সহযোগিতা আৰু দলৰ সৰ্বাংগীণ উন্নতি সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰোঁ।

আজি ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ মুখ্য কাৰ্যালয়ত এখনি দলীয় সভা সম্বোধন কৰোঁ। সভাত কাৰ্যকৰ্তা সকলৰ সহযোগিতা আৰু দলৰ সৰ্বাংগীণ উন্নতি সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰোঁ।

বিগত দিনত অনুষ্ঠিত হোৱা পৌৰসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে যি আশানুৰূপ ফলাফল লাভ কৰিলে, সেয়া দলীয় কাৰ্যকৰ্তা সকলৰ সহায়-সহযোগিতাৰ অবিহনে কোনোদিনেই সম্ভৱ হৈ নুঠিলেহেঁতেন। তেওঁলোকৰ কৰ্মোদ্যম আৰু একনিষ্ঠ সেৱাৰ বাবে মই আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

লগতে, অনাগত দিনত ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে এক নিৰ্দ্দিষ্ট আৰ্হি তথা পৰিকল্পনাৰ জৰিয়তে আগুৱাই যাবলৈ ল’বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত সভাত আলোচনা কৰোঁ।

আজিৰ এই সভাত মোৰ সৈতে বিজেপি, ধুবুৰী জিলাৰ সভাপতি ডঃ দেৱময় সান্যালেৰ লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।