আজি বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাবে জিলাখনৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত প্ৰতিটো বিভাগৰ বিষয়াসকলৰ সৈতে এখনি পৰ্যালোচনা সভা সম্বোধন কৰোঁ ৷

জিলাখনৰ সকলো বিভাগতে কাম-কাজ সমূহ সঠিক ৰূপত চলিছেনে নাই আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সফল ৰূপায়ণ কৰা হৈছে নে নাই এই সকলোবোৰ বিষয় সন্দৰ্ভত বিষয়াবৰ্গৰ সৈতে বিস্তৃত ৰূপত আলোচনা কৰোঁ ৷
লগতে, বিভাগসমূহত থকা ৰাইজৰ অভাৱ-অভিযোগ তথা সমস্যাৰাজি অতি ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰিবৰ বাবে প্ৰতিটো বিভাগৰ বিষয়াকে নিৰ্দেশ প্ৰদান কৰোঁ ৷

আজিৰ এই পৰ্যালোচনা সভাত মোৰ সৈতে বঙাইগাঁও জিলাৰ উপায়ুক্তকে প্ৰমুখ্য কৰি সকলো বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷






