আজি ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলা কাৰ্যালয়ত এখনি দলীয় সভা সম্বোধন কৰোঁ ৷

সভাত দলৰ আভ্যন্তৰীণ বিভিন্ন দিশৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে বঙাইগাঁও পৌৰসভাত বিজয়ী হোৱা আমাৰ দলৰ প্ৰাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰোঁ ৷ দলৰ “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস” নীতিক সাৰোগত কৰি আগন্তুক দিনত নিজ দায়িত্ব আৰু কৰ্তব্য সমূহ নিষ্ঠাসহকাৰে পালন কৰি যাবলৈ তেখেতসকলক আহ্বান জনাওঁ ৷

লগতে, অলপতে হৈ যোৱা পৌৰসভা নিৰ্বাচনত বঙাইগাঁও জিলাৰ অন্তৰ্গত পৌৰসভাসমূহত আমি যি আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হ’লো তাৰবাবে দলৰ কাৰ্যকৰ্তাসকলক আজিৰ এই সভাৰ জৰিয়তে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰোঁ ৷

আজিৰ এই সভাত মোৰ সৈতে বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী শ্ৰীমতী হিমানী অধিকাৰী, দলৰ জ্যেষ্ঠ নেতা শ্ৰী চুকেন ৰায়কে আদি কৰি দলৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷





