আজি সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰপেটাৰোডত ৰাইজক উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে স্থাপন কৰিবলৈ লোৱা প্ৰথম ৰেফাৰেল ইউনিট (FRU) ৰ নতুন G+2 গৃহ আৰু আন্তঃগাঁথনি উন্নয়নৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰি অতি আনন্দিত হৈছোঁ ৷
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত মুঠ ১,২১,৯৫,৬৬৯.০০ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই FRU খনত উপলব্ধ থাকিব লগীয়া সা-সুবিধা সমূহ হৈছে –
বৰপেটা জিলাবাসী ৰাইজৰ উন্নত আৰু সুলভ স্বাস্থ্য সেৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে লোৱা এই পদক্ষেপে স্বাস্থ্য খণ্ডত এক নতুন সংযোজন স্থাপন কৰাৰ লগতে ৰাইজৰ দীৰ্ঘদিনীয়া এটি অভাৱ পূৰণ কৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷