“অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি’ ২০২১” ৰ অধীনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰোঁ ৷

বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী হিচাবে আজি জিলাখনৰ পশ্চিম বৰনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হোৱা “অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি’ ২০২১” ৰ অধীনৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰোঁ ৷

বিভিন্ন ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ নিয়মীয়াকৈ পৰিশোধ কৰি থকা মহিলাসকলক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ আজি মুঠ ১,৮২৫ গৰাকী হিতাধিকাৰীক এই আঁচনিৰ অধীনৰ চেক আনুষ্ঠানিক ভাৱে বিতৰণ কৰোঁ ৷

মই আশা ৰাখিছোঁ, এই আৰ্থিক সাহায্যই তেখেতসকলক সকাহ দিয়াৰ লগতে আগন্তুক দিনত উদ্যোগিক কাম-কাজত মনোনিৱেশ কৰাৰ দিশত উৎসাহিত কৰিব ৷

Glances of Cheque distribution to 1825 regular paying beneficiaries under HCM Dr. @himantabiswa dangoria’s ‘Assam Microfinance Incentive & Relief Fund’ at Paschim Barnagar HS premises in Barpeta.

The aid will help them to maintain a good credit discipline ahead.