আজি পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত “বজালী মহোৎসৱ” কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ। অহা ১৬ এপ্ৰিল, ২০২২ তাৰিখলৈ মহা আয়োজনেৰে এই মহোৎসৱ অনুষ্ঠিত কৰা হৈছে।

আজি পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত “বজালী মহোৎসৱ” কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ। অহা ১৬ এপ্ৰিল, ২০২২ তাৰিখলৈ মহা আয়োজনেৰে এই মহোৎসৱ অনুষ্ঠিত কৰা হৈছে।

পাঠশালাৰ পিতৃ সংগঠন শতবৰ্ষীয় পাঠশালা বজাৰ কমিটি আৰু বজালী জিলা প্ৰশাসনে পাঠশালাৰ ভগৱতী ক্ষেত্ৰত অনুষ্ঠিত কৰা “বজালী মহোৎসৱ” খনিয়ে বজালীৰ কৃষ্টি, সংস্কৃতি, পৌৰাণিক ঐতিহ্য, ঐতিহাসিক সামগ্রী, ভাষা আৰু সভ্যতাৰ প্ৰচাৰ আৰু প্ৰসাৰত অৰিহণা যোগাব।

লগতে, বজালীৰ ভাষা-সংস্কৃতি আৰু সমাজ জীৱনক প্ৰতিফলিত কৰি এই মহোৎসৱত বিভিন্ন খন গ্ৰন্থ মেলা, বাণিজ্য মেলা আৰু প্ৰদৰ্শনীৰ ষ্ট’লো ৰখা হৈছে।

ইয়াৰ উপৰিও, “বজালী মহোৎসৱ” ত আমাৰ জাতীয় কৃষ্টি-সংস্কৃতিৰ সৈতে জড়িত মহোহো, বিয়া নাম, দিহা নাম ইত্যাদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই মহোৎসৱৰ প্ৰথমটো দিনত উপস্থিত থাকি অনন্য অভিজ্ঞতা লাভ কৰিলোঁ।