অলপতে অনুষ্ঠিত হৈ যোৱা টিহু পৌৰসভা নিৰ্বাচনত বিজয়ী হোৱা ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰদলৰ প্ৰাৰ্থীসকলক আজি সাক্ষাৎ কৰাৰ লগতে মত-বিনিময় কৰোঁ

অলপতে অনুষ্ঠিত হৈ যোৱা টিহু পৌৰসভা নিৰ্বাচনত বিজয়ী হোৱা ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰদলৰ প্ৰাৰ্থীসকলক আজি সাক্ষাৎ কৰাৰ লগতে মত-বিনিময় কৰোঁ ৷

প্ৰতিগৰাকীকে অভিনন্দন জ্ঞাপন কৰি আগন্তুক দিনৰ কৰ্মৰাজিৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ আহ্বান জনাওঁ ৷ টিহু পৌৰসভাখনক একক আৰু অনন্য কৰি তোলাৰ বাবে ভাৰতীয় জনতা পাৰ্টি বদ্ধপৰিকৰ ৷

সেয়েহে, সকলোৱে নিষ্ঠা, দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰমৰ মাজেৰে পৌৰসভাখনৰ বিকাশ সাধনত আত্মনিয়োগ কৰিব লাগিব আৰু পৌৰ এলেকা সমূহৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত নিজৰ সৰ্বোচ্চ প্ৰদান কৰিবলৈ সদা প্ৰস্তুত থাকিব লাগিব ৷