ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ইতিহাস সৃষ্টি কৰি কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ২৫ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকছ প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰাৰ বাবে অসমৰ দুগৰাকী সু-সন্তান ক্ৰমে হিমা দাস আৰু অম্লান বৰগোঁহাইক আন্তৰিক শুভকামনা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ।

পুৰুষৰ ২০০ মিঃ দৌৰত অম্লান বৰগোঁহাইয়ে ২০.৫২ ছেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি এই সফলতা অৰ্জন কৰাৰ লগতে ধিং এক্সপ্ৰেছ হিমা দাসে মহিলাৰ ২০০ মিটাৰ দৌৰত ২৩.৬৩ ছেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

হিমা দাস আৰু অম্লান বৰগোঁহাই আজি এই সফলতাৰে প্ৰতিগৰাকী অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে। অনাগত দিনত, তেওঁলোক নিজ লক্ষ্যত উপনীত হওঁক, তাৰেই কামনা কৰিছোঁ।