আজি বিভিন্ন কাৰ্যসূচী সমাপন কৰি পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত টিহুৰ নিবাসী সদ্যপ্ৰয়াত গোলাপী পাঠক আৰু জগদীশ তালুকদাৰ বাসগৃহত উপস্থিত হৈ তেখেতসকলক একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰোঁ ৷

মৃতকৰ পৰিয়ালবৰ্গৰ সৈতে কিছু সময় কটাই তেখেতসকলৰ দুখৰ সমভাগী হোৱাৰ লগতে তেওঁলোকক যৎকিঞ্চিৎ সকাহ প্ৰদান কৰোঁ। আপোনজনক হেৰুৱাৰ বেদনা আমি প্ৰত্যেকেই বুজোঁ, এই শোকাকুল সময়ছোৱাত প্ৰভু ভগৱন্তই মৃতকৰ পৰিয়ালবৰ্গক পৰিস্থিতিটোৰ সৈতে মোকাবিলা কৰিবলৈ ধৈৰ্য আৰু সাহস প্ৰদান কৰক, তাৰেই কামনা কৰিছোঁ।





