আজি সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰনগৰ ৰাজহ চক্ৰৰ অধীনৰ ৰঙালী বিহু উদযাপন সমিতি সমূহক চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ ৷

আজি সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰনগৰ ৰাজহ চক্ৰৰ অধীনৰ ৰঙালী বিহু উদযাপন সমিতি সমূহক চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ ৷

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সৰভোগ ৰাজহ চক্ৰৰ অধীনত আজি মুঠ ৩৩ খন ৰঙালী বিহু উদযাপন সমিতিক ১,৫০,০০০ টকাৰ এককালীন আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰোঁ ৷

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃ্ত্বত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে অসমৰ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব বুলি মই আশাবাদী ৷ এই পদক্ষেপে বিহু কমিটি সমূহক আৰ্থিক সকাহ প্ৰদান কৰাৰ উপৰিও আমাৰ স্বাভিমান ৰঙালী বিহুটিক বিশ্বজননী কৰি তোলাত অৰিহণা যোগাব বুলি মোৰ দৃঢ়বিশ্বাস ৷