আজি ‘প্ৰতিষ্ঠা দিৱস’ ৰ শুভদিনটোতে সৰভোগ পৌৰসভাখন নতুনকৈ গঠন কৰা হয় ৷ এই কাৰ্যসূচীত উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ ৷

আজি অনুষ্ঠিত হোৱা সভাৰ জৰিয়তে সৰ্বসন্মতিক্ৰমে ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ী প্ৰাৰ্থী শ্ৰীমতী মালবিকা দাস পৌৰপতি হিচাবে আৰু শ্ৰী সম্পদ দাসক উপ-পৌৰপতি হিচাবে নিৰ্বাচিত কৰা হয় ৷ দুয়োগৰাকীকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷

মই আশা ৰাখিছোঁ, দুয়োগৰাকী নৱ-নিযুক্ত পৌৰপতি আৰু উপ-পৌৰপতিয়ে সৰভোগ পৌৰসভাখনত বিকাশৰ উত্তৰণ ঘটাব আৰু পৌৰ এলেকাৰ অঞ্চলসমূহত উন্নয়নৰ গতি ত্বৰান্বিত কৰিব ৷






