আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বজালী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ‘ৰঙালী বিহু উদযাপন সমিতিসমূহলৈ অসম চৰকাৰৰ তৰফৰ পৰা এককালীন আৰ্থিক সাহায্য প্ৰদান’ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ ৷

এই সভাত ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সিদ্ধান্তমৰ্মে বজালী জিলাৰ অন্তৰ্গত মুঠ ৪৬ খন ৰঙালী বিহু উদযাপন সমিতিক ১,৫০,০০০ টকাকৈ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰোঁ।

অসমীয়াৰ জাতীয় জীৱনৰ আয়ুস ৰেখা তথা জাতীয় উৎসৱ ৰঙালী বিহুক ৰং-ৰহইচ আৰু সফলতাৰে উদযাপন কৰাৰ লগতে ৰাজ্যৰ আৰ্থ-সামাজিক উত্তৰণ আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত থকা ৰাজ্য চৰকাৰৰ নৈতিক দায়িত্ব সমূহক কেন্দ্ৰ কৰিয়েই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ বিহু উদযাপন সমিতিলৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Distributed Govt. of Assam cheques under the Directorate of Cultural Affairs & as desired by HCM Dr.@himantabiswa dangoria to 46 Bihu committees of Bajali. Under this initiative, 1.5 lakhs of assistance is provided to the committee’s organising Bihu functions for over ten years