ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম

ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ এক পদ্ধতিগত সু-পৰিকল্পনাৰে নলবাৰী জিলাত ৰূপায়ণ হোৱাৰ লগতে নলবাৰীৰ মহিলা আত্ম-সহায়ক গোট সমূহ স্বাৱলম্বী হোৱাৰ দিশে অগ্ৰসৰ হৈছে । মহিলা সকল অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰৰ লগতে জীৱিকা উত্তৰণৰ এক উমৈহতীয়া প্ৰয়াসৰ দিশে অগ্ৰসৰ হৈছে । নলবাৰী জিলাৰ কাম-কাজ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা বাবে নলবাৰীক ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা এক বিশেষ পুৰস্কাৰ PRIME MINISTER’S AWARD FOR EXCELLENCE IN PUBLIC ADMINISTRATION- 2019 ৰে পুৰস্কৃত কৰা হৈছে ।
আজি দিল্লীৰ বিজ্ঞান ভৱনত আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰা হয় ৷ নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, নলবাৰী জিলাৰ প্ৰকল্প প্ৰৱন্ধক চন্দন তালুকদাৰ দিল্লীত উপস্থিত হৈ বঁটা গ্ৰহণ কৰে ৷
এই বিশেষ সন্মান লাভ কৰা বাবে বিভাগীয় মন্ত্ৰী হিচাবে মই অতিকৈ আনন্দিত হৈছোঁ আৰু প্ৰকল্প প্ৰৱন্ধক চন্দন তালুকদাৰক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷