আজি গুৱাহাটীৰ আমিনগাঁওত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই “১১০ টা স্থানত গুদাম ঘৰ নিৰ্মাণ” অভিলাষী আঁচনি খনৰ শুভাৰম্ভ কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকি অতিকৈ আনন্দিত হ’লো ৷ আমি জানো যে, কেৱল ধান ক্ৰয় কৰিলেই নহ’ব ধান মজুত কৰি ৰখাৰ কাৰণে গুদামৰ প্ৰয়োজন ৷ গতিক, অসমত তেনেধৰণৰ গুদাম নাছিল কাৰণে ৰাজসাহায্য ৪০ লাখ টকাকৈ প্ৰদানেৰে ১১০ টা গুদাম ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে ৷ তাৰে ভিতৰত আজি CMSGUY ৰ অধীনত গুদাম আঁচনিৰ ৫ গৰাকী হিতাধিকাৰীক আৰ্থিক অনুদান বিতৰণ কৰা হয় ৷

আগন্তুক দিনত এনেকুৱা গুদামৰ অধিক প্ৰয়োজন হ’ব ৷ সেয়েহে, যিসকলৰ মাটি বাৰীকে আদি কৰি যাৱতীয় ব্যৱস্থা আছে তেওঁলোকে গুৱাহাটীৰ বেলতলাৰ পৰিবহণ ভৱনত অৱস্থিত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা নিগমৰ কাৰ্যালয়ৰ সৈতে যোগযোগ কৰিব পাৰে ৷

আজিৰ এই সভাত মোৰ লগতে সতীৰ্থ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব শ্ৰী জয়ন্ত মল্ল বৰুৱা, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধ্যক্ষ শ্ৰী ৰাজেন গোহাঁই, পৰ্যটন নিগমৰ অধ্যক্ষ শ্ৰী ঋতুপৰ্ণ বৰুৱা আৰু উপাধ্যক্ষ শ্ৰী দিলীপ দাসৰ লগতে দুয়োটা বিভাগৰ অতিৰিক্ত মুখ্য সচিব সকল আৰু আন বিষয়াসকল উপস্থিত থাকে ৷





