ভাৰতৰ মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং ডাঙৰীয়াই সম্বোধন কৰা সভাত উপস্থিত থাকোঁ ৷

আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ১৯৭১ চনৰ “ভাৰত-পাকিস্তান যুদ্ধ” ৰ সময়ত সাহসিকতা তথা আত্মবলিদানৰ উৎকৃষ্ট নিদৰ্শন দেখুওৱা অসমৰ বীৰ যোদ্ধা সকলক সন্মানিত কৰাৰ উদ্দেশ্যে ভাৰতৰ মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং ডাঙৰীয়াই সম্বোধন কৰা সভাত উপস্থিত থাকোঁ ৷

কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সভাৰ উদ্দেশ্য সমূহ হৈছেঃ-

✅ ৫০ লাখ টকাৰ এককালীন সাহাৰ্য্য

✅ প্ৰাক্তন সৈনিকৰ বাবে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ২ শতাংশ সংৰক্ষণ

✅ প্ৰাক্তন সৈনিকৰ সন্তানৰ বাবে ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণৰ ব্যৱস্থা

✅ প্ৰাক্তন সৈনিকৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বৰ্গৰ চাকৰিত ২ শতাংশ সংৰক্ষণ

✅ নিহত সৈনিকৰ নিকটাত্মীয়/ পৰিয়ালৰ এগৰাকী সদস্যক (যুদ্ধ ক্ষেত্ৰত প্ৰাণ হেৰুওৱা বা শাৰীৰিক আঘাতপ্ৰাপ্ত) আৰু শাৰীৰিক অক্ষমতাৰ বাবে সেনাবাহিনীৰ পৰা অব্যাহতি লোৱা ব্যক্তিৰ চৰকাৰী চাকৰিৰ ব্যৱস্থা

✅ প্ৰাক্তন সৈনিক সকলক গৃহ/ সম্পত্তি কৰৰ পৰা ৰেহাই

✅ প্ৰাক্তন সৈনিক সকলৰ অনুদানমূলক স্বাস্থ্য আঁচনিৰ বাবে চিকিৎসালয় সমূহৰ সৈতে বুজাবুজিৰ চুক্তি

দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে উদযাপন হৈ থকা “আজাদী কা অমৃত মহোৎসৱ” ৰ মহান ক্ষণত ভাৰত-পাক যুদ্ধত সাহসিকতা প্ৰদৰ্শন কৰা আমাৰ ৰাজ্যৰ মহান বীৰ যোদ্ধাসকলক সন্মান জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ অনুদান আগবঢ়োৱা এই পদক্ষেপক মই উষ্ম আদৰণি জনাইছোঁ ৷