এদল স্বাৱলম্বী মহিলাই আশাৰে মুকলি কৰা “আশা ফুড প্ৰডাক্ট”

এদল স্বাৱলম্বী মহিলাই আশাৰে মুকলি কৰা “আশা ফুড প্ৰডাক্ট”

আমাৰ ৰাজ্যৰ মহিলাসকল যথেষ্ট পৰিশ্ৰমী বুলি আমি সময়ে সময়ে বিভিন্ন উদাহৰণ পাই আহিছোঁ। উৎপাদনমুখী কামত জড়িত হৈ বৰ্তমান সময়ত ৰাজ্যৰ মহিলা সকলে সমাজত এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, কিছুদিন পূৰ্বে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ দলং ঘাট খণ্ডৰ অন্তৰ্গত জামাগুৰি কুজিদাহৰ নিবাসী তথা স্বাৱলম্বী এদল মহিলাই নগাঁওস্থিত গ্ৰামোন্নয়ন আৰু স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰশিক্ষণ লাভ কৰি নিজাববীয়াকৈ এটি ক্ষুদ্ৰ উদ্যোগ “আশা ফুড প্ৰডাক্ট” ৰ আৰম্ভণি কৰিছে। এই কৰ্মোদ্যমী মহিলা সকলৰ দলটোত আছে ক্ৰমে শ্ৰীমতী ৰিপামণি দাস, শ্ৰীমতী ৰূপা বৰা, শ্ৰীমতী পংখী শইকীয়া, শ্ৰীমতী অঞ্জু বৰদলৈ আৰু শ্ৰীমতী কৰবিতা দাস।

May be an image of food

তেওঁলোকে এই উদ্যোগটোত বিভিন্ন দিশৰ পৰা লাভ কৰা ঋণ আৰু নিজাববীয়াকৈ কিছু অৰ্থ ব্যয় কৰি এটি মেছিনৰ ব্যৱস্থা কৰি লৈছে। য’ত তেওঁলোকে পাপড়, জেলীকে আদি কৰি বিভিন্ন ধৰণৰ আচাৰ আৰু জনজাতীয় খাদ্য প্ৰস্তুত কৰি বিক্ৰী কৰে।

May be an image of 5 people and people standing

উক্ত মহিলাৰ দলটোৰ নিষ্ঠা আৰু একাগ্ৰতাই তেওঁলোকক অনাগত দিনত আৰু অধিক উন্নয়নমুখী কৰি তুলিব বুলি মই আশাবাদী। তেওঁলোকৰ সফলতাৰ কামনা কৰিছোঁ।