অসমৰ স্বাস্থ্যখণ্ডত নৱ সংযোজনে কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিলে

অসমৰ স্বাস্থ্যখণ্ডত নৱ সংযোজনে কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিলে

আজি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা বিশাল জনসভাত অসমৰ ৭ খন কৰ্কট চিকিৎসালয়ৰ শুভাৰম্ভ আৰু আন ৭ খন কৰ্কট চিকিৎসালয়ৰ শিলান্যাস কৰে ৷

অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত নিৰ্মাণ হোৱা এই কৰ্কট চিকিৎসালয় সমূহৰ ভিতৰত ১৮০ খন বিচনাযুক্ত বৰপেটা কৰ্কট চিকিৎসালয় খনো আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভ কৰে ৷ আজিৰ এই ঐতিহাসিক দিনটোৰ বিশেষ অনুষ্ঠানত বৰপেটাৰ জিলাৰ পৰা ভাৰ্চুৱেলি অংশগ্ৰহণ কৰি নথৈ আনন্দিত হ’লো ৷

শ্ৰদ্ধাস্পদ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা স্নেহভৰা সদিচ্ছা, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰ্মদক্ষতা তথা সুপৰিচালনাত গঢ় লৈ উঠা এই কৰ্কট চিকিৎসালয় কেইখনে কেৱল অসমকেই নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজক উপকৃত কৰিব ৷ সম্প্ৰতি অতি ভয়াবহ বাবে বৃদ্ধি পোৱা কেঞ্চাৰ বা কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাইজে দূৰ-দূৰণিলৈ যাব লগীয়া হোৱাত শাৰীৰিক, মানসিক আৰু আৰ্থিক ভাৱে জুৰুলা হৈ পৰে ৷ কিন্তু এতিয়া অসমৰ ভিতৰতে বা নিজ জিলাতে সুলভ মূল্যত অত্যাধুনিক সা-সুবিধা সম্পন্ন এই কৰ্কট চিকিৎসালয়ত চিকিৎসা সেৱা লাভ কৰিব পাৰিব ৷

এই ঐতিহাসিক ক্ষণৰ শুভ মুহূৰ্তত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নিজৰ কাৰ্যকালতে এই উন্নয়নৰ বীজ সিঁচা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বিশিষ্ট উদ্যোগী তথা সমাজসেৱক অসম বৈভৱ ৰতন টাটা ডাঙৰীয়াক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷