আজি বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত নৱ-গঠিত বৰপেটা পৌৰসভা খনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত এখনি পৰ্যালোচনা বৈঠক সম্বোধন কৰোঁ ৷

আগন্তুক দিনত বৰপেটা পৌৰসভাৰ কাম-কাজ সুন্দৰ আৰু সুপৰিকল্পিত ৰূপত আগবঢ়াই পৌৰ এলেকা সমূহৰ সৰ্বাংগীণ উন্নয়ন সাধন কৰাৰ ক্ষেত্ৰত ল’বলগীয়া পদক্ষেপ তথা কাৰ্যপন্থাৰ ওপৰত এই সভাত বিস্তৃত ৰূপত আলোচনা কৰোঁ ৷ বৰপেটা পৌৰসভা খনৰ লগতে পৌৰ এলেকাসমূহৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ স্বাৰ্থত সকলোকে সমৰ্পিত মনোভাৱেৰে নিজ কৰ্ম সম্পাদন কৰিবলৈ আহ্বান জনাওঁ ৷ লগতে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো বিলাক জনকল্যাণমুখী আঁচনিৰ সঠিক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যাতে সুব্যৱস্থা গ্ৰহণ কৰে তাৰবাবে সকলোকে অনুৰোধ জনাওঁ ৷

আজিৰ এই সভাত মোৰ লগতে বৰপেটা জিলাৰ উপায়ুক্ত শ্ৰী তেজ প্ৰসাদ ভূষালকে প্ৰমুখ্য কৰি বৰপেটা পৌৰসভাৰ নৱ-নিৰ্বাচিত পৌৰপতি, উপ-পৌৰপতি, ৱাৰ্ড কাউঞ্চিলাৰ সকল আৰু চৰকাৰী বিষয়াসকল উপস্থিত থাকে ৷






