“ব’হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস-ৰেখা
গণ জীৱনৰ ই সাহ।”

বিগত বৰ্ষৰ দৰে এইবেলিও বৃহত্তৰ বৰনগৰ ৰঙালী বিহু সন্মিলনীয়ে অসমীয়াৰ জাতীয় স্পন্দন ৰঙালী বিহুটিক দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে। আজি এই সন্মিলনীৰ দ্বিতীয় দিনটোত উপস্থিত হৈ ‘বিশেষ সাংস্কৃতিক অনুষ্ঠান’ ৰ শুভাৰম্ভ কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। লগতে, বিহু সন্মিলনীৰ সৈতে সংগতি ৰাখি আটকধুনীয়াকৈ প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ ‘গগণা’ ৰো শুভ উন্মোচন কৰি ৰাইজৰ বাবে আগবঢ়াওঁ ৷

সৰভোগৰ ৰাইজে মোক জনাইছিল যে তেওঁলোকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তথা সকলোৰে মৰমৰ কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তক বিহু মঞ্চত চাব বিচাৰে আৰু মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে এদিন সৰভোগলৈ পাপনক অনাৰ ব্যৱস্থা নিশ্চয় কৰিম ৷
আজি মোৰ প্ৰতিশ্ৰুতি পূৰণ কৰোঁ আৰু বৰনগৰ ৰঙালী বিহু সন্মিলনত জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তক এখনি ফুলাম গামোচাৰে উষ্ম আদৰণি জনাওঁ ৷ ৰাইজৰ হৰ্ষোল্লাস আৰু পাপনৰ এটাৰ পিছত এটা জনপ্ৰিয় গীতৰ অনুষ্ঠান উপভোগ কৰি আজি প্ৰফুল্লিত হওঁ ৷






