আজি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত অসম বিজ্ঞান সমিতি, বজালী শাখাৰ উদ্যোগত প্ৰকাশিত বিজ্ঞান বিষয়ক গ্ৰন্থ “বিজ্ঞান প্ৰবাহ” ৰ শুভ উন্মোচন কৰি আনন্দিত হৈছোঁ।

উল্লেখ্য যে, সাম্প্ৰতিক সময়ৰ সমাজ ব্যৱস্থা তথা জনসাধাৰণৰ দৈনন্দিন জীৱন পৰিক্ৰমাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমূল পৰিৱৰ্তন আনিছে। আমাৰ জীৱন শৈলী উন্নত কৰিবলৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱনী নীতিয়ে বহুতো অৱদান আগবঢ়াই আহিছে।

গতিকে মই আশা কৰিছোঁ, আজি উন্মোচিত “বিজ্ঞান প্ৰবাহ” শীৰ্ষক এই গ্ৰন্থ খনে বিদ্যাৰ্থীসকলৰ বৈজ্ঞানিক মানসিকতাৰ গঢ় দি যুক্তিবাদী চিন্তা-চেতনাৰে এখন সুন্দৰ সমাজ গঠনৰ ক্ষেত্ৰত সঠিক পদক্ষেপ লোৱাত সহায় কৰিব।

আজিৰ এই কাৰ্যসূচীত মোৰ সৈতে বজালী জিলাৰ উপায়ুক্ত শ্ৰীযুতা কাবেৰী বৰকাকতী আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷





