আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি বৈঠকত অংশগ্ৰহণ কৰোঁ ৷

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি বৈঠকত অংশগ্ৰহণ কৰোঁ ৷

উক্ত বৈঠকত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰস্তাৱিত অসম ভ্ৰমণ আৰু ৰাজ্য চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে উদযাপন কৰিবলগীয়া কাৰ্যসূচীৰ সন্দৰ্ভত বিশদ ভাৱে আলোচনা কৰা হয় ৷

আজিৰ এই বৈঠকত মোৰ সৈতে বিজেপি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়া, সতীৰ্থ মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকা, বিধায়ক তথা মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব শ্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰী ফণীন্দ্ৰ নাথ শৰ্মাকে প্ৰমুখ্য কৰি বিধায়কসকল আৰু দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷