মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াক স্বাগতম জনোৱাৰ পৰা কামাখ্যা মন্দিৰ পৰিদৰ্শন আৰু বিএছএফে আয়োজন কৰা সভাতো মঞ্চত একেলগে আছিলোঁ

আজি মানকাচৰত দেশৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে মই BOP টাৱাৰলৈ যাওঁতে বিএছএফৰ বিষয়াই মোক ওপৰলৈ যোৱাত বাধা আৰোপ কৰে ৷

উল্লেখ্য যে, উক্ত টাৱাৰটোত কেৱল মাত্ৰ ৮ জন মানুহ উঠিব পৰাহে ক্ষমতা আছিল ৷

যিহেতু, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে বিএছএফৰ মুখ্য বিষয়া সহিতে ইতিমধ্যেই ৮ জন মানুহ টাৱাৰত থকাৰ পৰিপ্ৰেক্ষিতত মোক তালৈ যোৱাত বিষয়াসকলে বাধা দিয়ে ৷ বিএছএফৰ বিষয়াই নিৰাপত্তাৰ খাতিৰত মোক বাধা দিয়া বিষয়টো মই সন্মান জনাইছোঁ ৷ মই ইতিমধ্যেই মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াক স্বাগতম জনোৱাৰ পৰা কামাখ্যা মন্দিৰ পৰিদৰ্শন আৰু বিএছএফে আয়োজন কৰা সভাতো মঞ্চত একেলগে আছিলোঁ ৷ ৰাইজে সেই কথা ইতিমধ্যেই গম পাইছে ৷

কিন্তু আমাৰ একাংশ সংবাদ মাধ্যমে বিষয়টো নজনাকৈ ভুলকৈ বাতৰি পৰিৱেশন কৰাটো মোৰ দৃষ্টিগোচৰ হৈছে ৷ নিৰাপত্তাৰ খাতিৰত বিএছএফৰ বিষয়াই কৰা কামটোত অন্য দিশেৰে ৰাইজৰ আগত উপস্থাপন কৰি দেশ মাতৃৰ সুৰক্ষাত নিয়োজিত বিএছএফৰ বিষয়াৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি প্ৰশ্নবোধক অনা কথাটোত মই খুবেই দুঃখিত হৈছোঁ ৷