আজি দেশৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াই উত্তৰ-পূবক গৌৰৱান্বিত কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উপলব্ধ হোৱা হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰটিৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিব

আজি দেশৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াই উত্তৰ-পূবক গৌৰৱান্বিত কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উপলব্ধ হোৱা হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰটিৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিব ৷ উন্নত মানদণ্ডৰ সৃষ্টিৰ বাটত এয়া আন এক সুদূৰপ্ৰসাৰী পদক্ষেপ ৷

এই কেন্দ্ৰটিত উপলব্ধ থাকিবলগীয়া সেৱা সমূহ হৈছে –

✅ অত্যাধুনিক সঁজুলিৰ সৈতে ৩০০ খন বিছনাৰ সুবিধা

✅ হৃদ-বক্ষ বিভাগ, হৃদ-বক্ষৰ অস্ত্ৰোপচাৰ, স্নায়ু বিভাগ আৰু স্নায়ুৰ অস্ত্ৰোপচাৰ

✅ হৃদযন্ত্ৰ আৰু স্নায়ু সম্বন্ধীয় জৰুৰীকালীন সেৱা

✅ সম্পূৰ্ণ অনলাইন পদ্ধতিৰে নাম পঞ্জীয়নৰ সুবিধা

✅ অত্যাধুনিক পৰীক্ষাগাৰ

May be an image of 1 person, standing and text

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমৰ স্বাস্থ্যখণ্ডত সংযোজন হোৱা এই হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰটিয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজক উন্নত চিকিৎসা সেৱা প্ৰদান কৰি উপকৃত কৰিব ৷