মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এবছৰ সফলতাৰে সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত “সুৰক্ষিত খোৱা পানী সজাগতা সপ্তাহ” উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ৷ অহা ২৩ মে তাৰিখৰ পৰা ২৮ মে’ তাৰিখলৈ এই সজাগতা সপ্তাহ উদযাপন কৰা হ’ব ৷
এই সজাগতা সপ্তাহৰ মুখ্য উদ্দেশ্য হৈছেঃ-
গাঁৱৰ মহিলা FTK গোটৰ সৈতে জড়িত প্ৰায় ১৫০০ শিবিৰ আয়োজন কৰি ১ লাখতকৈও অধিক পানীৰ নমুনা পৰীক্ষা কৰা ৷
খোৱা পানীৰ সুৰক্ষা আৰু সুৰক্ষিত খোৱা পানী ব্যৱস্থাপনাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা ৷
অনাগত দিনত, এই সজাগতা সপ্তাহ উদযাপনৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণে লাভ কৰা পৰিশোধিত খোৱাপানীৰ গুণাগুণ নিশ্চিত কৰাত সহায় হ’ব। লগতে, “জল জীৱন আঁচনি” খন ফলপ্ৰসূ হোৱাত এই সভাসমূহে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী।

In connection with the successful completion of one year of Himanta Biswa Sarma led Government, it has been proposed to celebrate “Safe Drinking Water Awareness Week” from 23rd to 28th May with the following objectives —–
(a) To test more than 1.0 lakh water samples by organising approximately 1500 Nos of camps involving village women FTK Groups.
(b) Awareness generation on drinking water security and the importance of safe drinking water management.