পাঠশালা পৌৰ সমিতিখন গঠন হোৱাৰ পিছত আজি পৌৰসভাৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা প্ৰথমখন ‘ব’ৰ্ড সভা’ সম্বোধন কৰোঁ ৷

সভাত পৌৰপতি শ্ৰীমতী জলী চৌধুৰী সহিতে আটাই কেইগৰাকী ৱাৰ্ড কাউঞ্চিলাৰৰ সৈতে পৌৰসভাখনৰ বিভিন্ন কাম-কাজৰ সন্দৰ্ভত বিস্তৃত ৰূপত আলোচনা কৰোঁ ৷
আজিৰ সভাতেই পাঠশালা পৌৰ এলেকাৰ উন্নয়নৰ গতি ক্ষিপ্ৰ কৰাৰ লগতে ৰাইজৰ অভাৱ-অভিযোগ সমূহ শীঘ্ৰে নিষ্পত্তিকৰণৰ বাবে যাৱতীয় সকলো পৰিকল্পনা প্ৰস্তুত কৰা হয় ৷







