নতুনকৈ গঠন হোৱা পাটাছাৰকুছি পৌৰসভাৰ আজি প্ৰথমখন ব’ৰ্ড স’ভা সম্বোধন কৰোঁ ৷

উক্ত সভাত নৱ-নিৰ্বাচিত পৌৰপতি শ্ৰী জয়ন্ত তহবিলদাৰৰ লগতে প্ৰতিগৰাকী ৱাৰ্ড সদস্য-সদস্যা সকলৰ সৈতে এখন সৰ্বাংগ-সুন্দৰ তথা বিকশিত পৌৰসভা গঠন সন্দৰ্ভত বিশদভাৱে আলোচনা কৰোঁ।

অনাগত দিনত, পাটাছাৰকুছি পৌৰ এলেকা সমূহৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত পৌৰপতি সহিতে ৱাৰ্ড কাউঞ্চিলাৰ সকলক নিজ দায়িত্বসমূহ নিষ্ঠাসহ পালন কৰিবলৈ আহ্বান জনাওঁ।

আশা কৰিছোঁ অনাগত দিনত, ৰাইজৰ অভাৱ-অভিযোগ সমূহৰ বুজ লৈ সেইসমূহৰ শীঘ্ৰে সমাধান কৰি এখন নিকা আৰু সুন্দৰ পাটাছাৰকুছি পৌৰসভা গঠনত সকলোৱে অংশীদাৰ হ’ব।





