আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত গুৱাহাটী পৌৰ নিগমৰ নৱ নিৰ্বাচিত পাৰিষদ সকলৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি অতিশয় আনন্দিত হৈছোঁ ৷

এই অনুষ্ঠানতে গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি শ্ৰী মৃগেন শৰণীয়া আৰু উপ পৌৰপতি শ্ৰীমতী স্মিতা ৰয়ে আনুষ্ঠানিক ভাবে দায়িত্ব ভাৰ গ্ৰহণ কৰে ।

পৌৰপতি শ্ৰী মৃগেন শৰণীয়া আৰু উপ পৌৰপতি শ্ৰীমতী স্মিতা ৰয় সহিতে প্ৰতিগৰাকী পাৰিষদলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ ৷
আশা ৰাখিছোঁ আগন্তুক দিনবোৰত এখন স্বচ্ছ, নিকা আৰু উন্নয়নশীল গুৱাহাটী নিৰ্মাণৰ ক্ষেত্ৰত সকলোৱে সমৰ্পিত মনোভাৱেৰে নিজ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাসহ পালন কৰিব ৷





