জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি লাভ কৰিবলগীয়া ৩৩০ গৰাকী প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন
আজি খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ত অসম চৰকাৰৰ দ্বাৰা আয়োজিত বৃহৎ “নিযুক্তি সমাৰোহ”ত কেইবাটাও বিভাগৰ বিভিন্ন পদত প্ৰায় ২৩ হাজাৰ গৰাকী প্ৰাৰ্থীক মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে প্ৰদান কৰিব নিযুক্তি পত্ৰ।
এই নিযুক্তি প্ৰক্ৰিয়াত মোৰ দায়িত্বত থকা বিভাগ “জনস্বাস্থ্য কাৰিকৰী বিভাগ” তো ৬৬ গৰাকী সহকাৰী অভিযন্তা আৰু ২৬৪ গৰাকী কনিষ্ঠ অভিযন্তাকে ধৰি সৰ্বমুঠ ৩৩০ গৰাকীক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুক্তি পত্ৰ প্ৰদান কৰিব।
নিযুক্তি লাভ কৰিবলগীয়া প্ৰাৰ্থী সকললৈ মোৰ অলেখ শুভেচ্ছা, অভিনন্দন যাচিলোঁ। প্ৰতিগৰাকীকে নিষ্ঠা আৰু সততাৰে নিজ দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনাইছোঁ। মই আন্তৰিকতাৰে বিশ্বাস ৰাখিছোঁ, এই নিযুক্তিয়ে বিভাগক সবল আৰু সক্ষমতাৰে কাম কৰিবলৈ অতুলনীয় শক্তি প্ৰদান কৰিব।





