“অসমৰ সমূহ বি পি এল দৰিদ্ৰ-নাৰায়ণক “আয়ুষ্মান ভাৰত” আঁচনিৰে উপকৃত কৰিবৰ বাবে সকলো আগুৱাই আহিব লাগিব ।”

 

আজি তৃতীয় “আয়ুষ্মান ভাৰত” দিৱস ।
এই ঐতিহাসিক উপলক্ষত দেশক আয়ুষ্মান কৰাৰ মহান কৰ্মত ব্ৰতী চিকিৎসা খণ্ডৰ লগত জড়িত প্ৰতি জন ব্যক্তিলৈ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
বিশেষভাৱে,কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি;যি গৰাকী দিক্-দৰ্শী প্ৰধানমন্ত্ৰীৰ কাৰণে দেশবাসীৰ স্বাস্থ্যৰ ৰক্ষা-কৱছ স্বৰূপ বিশ্বৰ ভিতৰতে বৃহত্তম এই আঁচনিৰ ৰূপায়ণ সম্ভৱ হৈ উঠিছে ।
সমগ্ৰ বিশ্বক ক’ৰণা-ভাইৰাছে গ্ৰাস কৰাৰ এই কঠিন সময়ত এই আঁচনিৰ প্ৰাসংগিকতা দুগুণে বৃদ্ধি পাইছে ।
দৰিদ্ৰ সীমা ৰেখাৰ প্ৰতিটো পৰিয়ালৰ প্ৰতি গৰাকী সদস্যক পাঁচ লাখ টকালৈকে স্বাস্থ্য-বীমাৰে সামৰি লোৱাৰ লক্ষ্যেৰে ৰূপায়িত কৰা এই আঁচনিৰে অসমৰ দৰিদ্ৰ নাৰায়ণক উপকৃত কৰিবলৈ প্ৰতি গৰাকী সচেতন ব্যক্তি আগবাঢ়ি আহিবলৈ এই বিশেষ উপলক্ষত সকলোলৈকে আহ্বান জনালোঁ ।