আজি গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত, পবিত্ৰ বগুৱান কেওঁলীয়া হাটীসত্ৰ দৰ্শন কৰি পৰমেশ্বৰৰ অভয় চৰণত সবাৰে মংগল কামনাৰে সেৱা আগবঢ়াওঁ।

আজি গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত, পবিত্ৰ বগুৱান কেওঁলীয়া হাটীসত্ৰ দৰ্শন কৰি পৰমেশ্বৰৰ অভয় চৰণত সবাৰে মংগল কামনাৰে সেৱা আগবঢ়াওঁ।

উল্লেখ্য যে, মহাপুৰুষ গুৰুজনাই জ্ঞান অৰ্জনৰ বাবে তেওঁ ভাৰতৰ বিভিন্ন তীৰ্থস্থান সমূহ পৰিভ্ৰমণ কৰিছিল আৰু জগন্নাথ পুৰীত কেইবাবছৰো বাস কৰিছিল ৷ সেইসময়ত স্থল পথ যাতায়তৰ বাবে সুচল নোহোৱাত জলপথেদি জ্ঞান অৰ্জনৰ বাবে দুবাৰকৈ ভাৰতৰ তীৰ্থস্থান সমূহ পৰিভ্ৰমণ কৰোঁতে গধূলি বেলা বগুৱান কেওঁলীয়া হাটীসত্ৰৰ এই স্থানত নাওঁ বান্ধিছিল ৷

গধূলি বেলিকা বাঁহগছত বগলী চৰাইৰ শুৱনি দৃশ্যত পুলকিত হৈ গুৰুদেৱে নিজমুখে “বক শুৱান” বুলি বৰ্ণনা কৰাত পিছলৈ এই অঞ্চলটো বগুৱান নামে পৰিচিত হ’ল ৷ নৈশ যাপনৰ সময়ত কথন, শ্ৰৱণ আৰু কীৰ্তনৰ লগতে গুৰুজনাই নিজহাতে চাউল সিজাই ভোজন কৰা স্থানতে হৰিকথা কীৰ্তন আৰু শ্ৰৱণৰ অৰ্থে সত্ৰ এখন স্থাপনৰ ইচ্ছা ব্যক্ত কৰিছিল ৷ মহাপুৰুষজনাৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত সপ্তম অধিকাৰ গোবিন্দ আতৈৰ শিষ্য নিৰঞ্জন আতৈৰ লগত তিনিকুৰি ভকতে আহি গুৰুজনাই খুটি পোতা স্থানতে থান পাতি গুৰুবন্তি প্ৰজ্বলন কৰে ৷

পৰৱৰ্তী সময়ত হৰি আতৈয়ে গুৰুজনাৰ সাঁচিপাতৰ কীৰ্তন, ঘোষাপুথি থাপনা পাতি বগুৱানক পুণ্যভূমিলৈ পৰিণত কৰে ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই সত্ৰখনৰ আঁহত গছ, পুখুৰী তথা বেত-বাঁহ গছৰ বহু অলৌকিক কাহিনী শুনিবলৈ পোৱা যায় ৷

আজি এনেদৰে ভকত-বৈষ্ণৱৰ সংগ তথা সত্ৰৰ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ পাই ধন্য হৈছোঁ, যথেষ্ট আপ্লুত হৈছোঁ।

Glad to start the morning in a spiritual atmosphere.
Visited the holy Boguwan Kewalia Hatisatra of Goalpara Dist & offered my prayers to the Parameshwara. Evaluated the construction work & interacted with the Bhakat Vaishnavas regarding various issues & ways to resolve them.