মাননীয় প্ৰধানমন্ত্ৰীৰ “আত্মনিৰ্ভৰ ভাৰত পেকেজ”ৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে সবিশেষ অৱগত কৰা আজিৰ সংবাদ মেলত আন সকলৰ স’তে অংশগ্ৰহণ কৰোঁ ।

“আত্মনিৰ্ভৰ ভাৰত” পেকেজৰ কাৰণে অসমবাসীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা মাননীয় মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ ।

ক’ভিড-১৯ৰ কাৰণে দেশৰ পৰিৱৰ্তিত অৰ্থনৈতিক প্ৰেক্ষাপটক সুস্থিৰ কৰি ৰাখিবৰ বাবে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপৰ কাৰণে ৰাজ্য বাসীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ।

আজি দিছপুৰত আয়োজিত সংবাদমেলত মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ এই অৰ্থনৈতিক আঁচনিৰ জৰিয়তে সমগ্ৰ দেশৰ লগতে অসমে বিশেষ সকাহ লাভ কৰিব বুলি দোহাৰে ।

বিশেষকৈ, এই আঁচনিৰ জৰিয়তে ৰাজ্য খনলৈ ঘূৰি অহা বা আহিব লগা প্ৰবজিত শ্ৰমিক সকল,ৰাজ্য খনৰ উপান্ত কৃষক সকল আৰু নিৱনুৱা যুৱক সকলৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক বিশেষ সকাহ আগবঢ়াব ।

মাননীয় প্ৰধানমন্ত্ৰীৰ “আত্মনিৰ্ভৰ ভাৰত পেকেজ”ৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে সবিশেষ অৱগত কৰা আজিৰ সংবাদ মেলত আন সকলৰ স’তে অংশগ্ৰহণ কৰোঁ ।