“সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট তথা ক’ভিদ-১৯ সম্পৰ্কত ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশ ক’ৰ কমিটিৰ বৈঠক ।”

 

“বিধায়কৰ পাৰ্ফৰ্মেন্স মূল্যায়ণৰ নিৰ্দেশ ৰাষ্ট্ৰীয় সভাপতিৰ “


আজি গুৱাহাটীত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ ক’ৰ কমিটিৰ বৈঠকত সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট তথা ক’ভিদ-১৯ সম্পৰ্কত দুঘন্টাজোৰা বিশদ আলোচনা কৰা হয় । মাননীয় ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়াৰে ৰাজ্যিক ক’ৰ কমিটিৰ ভিডিঅ’ কনফাৰেন্স যোগে অনুষ্ঠিত এই বৈঠকত বিশেষত: সমসাময়িক ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিৰ লগতে ক’ৰণা মহামাৰী নিয়ন্ত্ৰণৰ বাবে লোৱা পদক্ষেপ ওপৰত সবিশেষ আলোচনা কৰা হয় । এই বৈঠকত আগন্তুক বিটিএডিৰ নিৰ্বাচন,পৌৰ সভাৰ লগতে সম্ভাৱ্য নিৰ্বাচন সমূহৰ ওপৰত পৰ্যালোচনা কৰা হয় ।
আজিৰ পৰ্যালোচনা বৈঠকত মাননীয় ৰাষ্ট্ৰীয় সভাপতি মহোদয়ে সমষ্টি ভিত্তিক পৰ্যবেক্ষণৰ নিৰ্দেশ দিয়াৰ লগতে বিধায়ক সকলৰ পাৰ্ফৰ্মেন্সৰ মূল্যায়ণ কৰাৰ আহ্বান জনায় ।

ক’ৰণা সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত মান

নীয় ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়াই সন্তুষ্টি প্ৰকাশ কৰি দল আৰু চৰকাৰক এই কাৰ্যত অবিৰতভাৱে নিয়োজিত হৈ থাকিবলৈ আহ্বান জনায় ।

মাননীয় ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ ডাঙৰীয়া আৰু মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামমাধৱ ডাঙৰীয়া,ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা ডাঙৰীয়া আৰু উত্তৰ-পূব সংগঠন মন্ত্ৰী অজয় জামৱাল ডাঙৰীয়াই অংশগ্ৰহণ কৰা এই বৈঠকত ৰাজ্যৰ মাননীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া,বিত্ত-স্বাস্থ্য তথা গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া,বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দ্বয় বিজয়া চক্ৰৱৰ্তী ডাঙৰীয়ানী আৰু ৰাজেন গোহাঁই ডাঙৰীয়া,ৰাজ্যিক উপসভাপতি বিজয় গুপ্তা, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা,ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া,সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাছা আৰু ডঃ ৰাজদ্বীপ ৰয় ডাঙৰীয়াও উপস্থিত আছিল ।
অসমৰ প্ৰতি থকা সহৃদয়তাৰ বাবে মাননীয় ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়াৰ লগতে ৰাষ্ট্ৰীয় সমিতিৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।