গ্ৰাহকক প্ৰৱঞ্চনা কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে “লিগেল মেট্ৰ’লজী” বিভাগৰ বহুকেইটা গোচৰ ৰুজু

দুৰ্নীতি অনিময় ৰোধৰ বাবে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনৰ ‘লিগেল মেট্ৰ’লজী’ বিভাগে অসমৰ বিভিন্ন স্থানত নিজ অভিযান অব্যাহত ৰাখিছে ৷ এই অভিযানত অসাধু ব্যৱসায়ী সকলে দীৰ্ঘদিন ধৰি গ্ৰাহকক কৰা প্ৰৱঞ্চনাৰ কথা পোহৰলৈ আহে ৷

বিভিন্ন উপায়েৰে গ্ৰাহকক প্ৰৱঞ্চনা কৰি দুৰ্নীতিৰ পোহাৰ মেলা এইসকল অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে বিভাগে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বহুকেইটা গোচৰ ৰুজু কৰিছে ৷

ইতিমধ্যেই লিগেল মেট্ৰ’লজী বিভাগে মঙ্গলদৈত ৭টা, ধেমাজিত ৬ টা, বিশ্বনাথ চাৰিআলিত ৩ টা, তেজপুৰত ৭ টা, মৰিগাঁৱত ২ টা আৰু নগাঁৱত ৪ টা গোচৰ ৰুজু কৰিছে ৷

ৰাজ্য চৰকাৰে দুৰ্নীতিক কেতিয়াও প্ৰশয় নিদিয়ে ৷ বিভাগৰ এই দুৰ্নীতি বিৰোধী অভিযান আগন্তুক দিনত অধিক তীব্ৰতৰ হ’ব ৷ ৰাজ্যৰ আৰ্থ-সামাজিক উন্নয়নত অন্তৰায় সৃষ্টি কৰা অথবা গ্ৰাহকক প্ৰৱঞ্চনা কৰা প্ৰতিজন ব্যৱসায়ীৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷
