ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতি ইতিমধ্যেই আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাঁজু হৈছে ৷

ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতি ইতিমধ্যেই আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাঁজু হৈছে ৷ যদি নিৰ্বাচনী আয়োগে অহা ১৫ দিনৰ ভিতৰতো নিৰ্বাচন অনুষ্ঠিত কৰে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল তাৰ কাৰণেও সাঁজু হৈ আছে ৷ সমগ্ৰ ভাৰতৰ ভিতৰতে অসমক পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা লাভ কৰিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ৷

এইবাৰ আমি ‘ৰাইজৰ আশা, আমাৰ ইস্তাহাৰৰ ভাষা’ নীতি সৰোগত কৰি ৰাইজৰ পৰা মতামত লৈ এখন সৰ্বাংগসুন্দৰ ‘নিৰ্বাচনী ইস্তাহাৰ’ প্ৰস্তুত কৰিম বুলি সিদ্ধান্ত লৈছো ৷ সেয়েহে, আমি ৫০ খন দৃশ্য শ্ৰব্য বাহনৰ যোগেদি অসমৰ প্ৰতিখন ঠাইতে আমাৰ চৰকাৰখনৰ বিভিন্ন জনকল্যাণমূলক আঁচনি সমূহৰ বিষয়ে ৰাইজক অৱগত কৰিব খুজিছোঁ ৷ আজি খানাপাৰাত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে এই ৫০ খন দৃশ্য শ্ৰব্য বাহনৰ শুভাৰম্ভ কৰোঁ ৷ ৰাইজে মিছকল যোগে, ইমেইল যোগে আৰু আমাৰ ৱেবচাইডৰ যোগে আপোনালোকৰ মতামত প্ৰদান কৰি আমাৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰাত সহায় কৰিব বুলি আশা ৰাখিলোঁ ৷ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পিছত অসমৰ বহুকেইটা জ্বলন্ত সমস্যা ইতিমধ্যেই সমাধান কৰিবলৈ আমি সক্ষম হৈছো ৷ বিশেষকৈ ১৯৮৫ চনৰ আগৰ পৰাই উন্মুক্ত হৈ থকা সীমান্ত আগৰ বহুকেইখন চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ কিন্তু আমাৰ চৰকাৰখনে এই সীমান্তৰ ছীল কৰি এক স্থায়ী সমাধান সাধন কৰিলে ৷ ঠিক তেনেদৰে জাতি, মাটি, ভেটি, কৃষ্টি তথা সংস্কৃতিৰ ক্ষেত্ৰতো আমাৰ চৰকাৰখনে যিমানখিনি কৰিছে স্বাধীনতাৰে পৰা সিমানখিনি আন কোনো চৰকাৰে কৰিব পৰা নাছিল বা কৰিব খোজা নাছিল ৷ ৰাইজৰ মতামত আৰু পৰামৰ্শ বিচাৰি আমি লোৱা পদক্ষেপ সকলোৱে সহায়-সহযোগিতাৰে সফল ৰূপায়ন কৰি তুলিব বুলি আশা ৰাখিলো ৷