“কংগ্ৰেছৰ অপশাসনৰ পৰা পুনৰবাৰ অসমক বচাওক” – নাজিৰা বিধানসভা সমষ্টিৰ পৃষ্ঠা প্ৰমুখ সন্মিলনৰ পৰাই অসমবাসীলৈ মোৰ মুকলি আহ্বান ৷

যোৱা পাঁচটা বছৰ আগতে অসমক কংগ্ৰেছৰ অপশাসন, ভ্ৰষ্টাচাৰৰ পৰা বচাই অসমৰ জনগণই ভাৰতীয় জনতা পাৰ্টিক ৰাইজৰ সেৱাৰ সুবিধা প্ৰদানেৰে চৰকাৰ গঠন কৰাইছিল। আমাৰ দলে শাসনভাৰ লোৱাৰ পাছৰে পৰা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰে নিৰন্তৰ অতি নিষ্ঠা আৰু সততাৰে ৰাইজৰ সেৱা কৰি আহিছে। এই নিষ্ঠাৰে ভৰা সেৱাৰ প্ৰতিক্ষণতে সাক্ষী হৈ ৰৈছে অসমবাসী ৷

আজি নাজিৰা সমষ্টিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন সম্বোধন কৰি কাৰ্যকৰ্তা সকলৰ যোগেদি সকলো ৰাইজকে পুনৰ কংগ্ৰেছৰ অপশাসন, ভ্ৰষ্টাচাৰ, দুনীৰ্তি, অত্যাচাৰৰ পৰা পুনৰবাৰ অসমক বচাই যোৱা পাঁচটা বৰ্ষত অবিৰত ভাৱে হোৱা সমৃদ্ধি আৰু প্ৰগতিৰ যাত্ৰা আৰু অধিক সক্ষমতাৰে অব্যাহত ৰখাৰ স্বাৰ্থত বিজেপি দলক আশীষ প্ৰদান কৰিবলৈ আহ্বান জনালোঁ। নাজিৰাৰ এই পৃষ্ঠা প্ৰমুখ সন্মিলনত মোৰ সৈতে শিৱসাগৰ জিলাৰ সভানেত্ৰী সুৰভী ৰাজকুমাৰী ডাঙৰীয়ানী, ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ তপন কুমাৰ গগৈকে প্ৰমুখ্য কৰি ৰাজ্যিক আৰু জিলাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

