শিৱসাগৰবাসীৰ আনন্দ-উল্লাস আৰু অকুণ্ঠ চেনেহেৰে ভৰা নয়নাভিৰাম পৰিবেশৰ মাজেৰে মনোনয়ন দাখিল কৰিলে শ্ৰীমতী সুৰভি ৰাজকুঁৱৰীয়ে ৷

ঐতিহাসিক শিৱসাগৰ আজি পৰিণত হ’ল জনসমুদ্ৰলৈ ৷ শিৱসাগৰবাসীৰ আনন্দ-উল্লাস আৰু অকুণ্ঠ চেনেহেৰে ভৰা নয়নাভিৰাম পৰিবেশৰ মাজেৰে মনোনয়ন দাখিল কৰিলে শ্ৰীমতী সুৰভি ৰাজকুঁৱৰীয়ে ৷


আজি শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী শ্ৰীমতী সুৰভি ৰাজকুঁৱৰীয়ে মনোনয়ন দাখিল কৰা শুভক্ষণত উপস্থিত থাকোঁ।

এই শুভক্ষণত শিৱসাগৰবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোটৰ প্ৰতি যি বিপুল সঁহাৰি আৰু স্নেহ প্ৰদান কৰিলে তাক দেখি যথেষ্ট হৰ্ষান্বিত হৈছোঁ। মই নিশ্চিত হৈছোঁ এই শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা আমাৰ দলৰ প্ৰাৰ্থী গৰাকী বিপুল সংখ্যক ভোট লাভ কৰি ভাৰতীয় জনতা পাৰ্টিৰ বিজয় ধ্বজ্জা উৰুৱাব ।