দুৰ্নীতিকাৰীৰ বিৰুদ্ধে তৎপৰ গোলাঘাট জিলাৰ খাদ্য আৰু যোগান বিভাগ। দুৰ্নীতি আৰু অনিয়মৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে কঠোৰ স্থিতি বিভাগৰ ৷

দুৰ্নীতিকাৰীৰ বিৰুদ্ধে তৎপৰ গোলাঘাট জিলাৰ খাদ্য আৰু যোগান বিভাগ। দুৰ্নীতি আৰু অনিয়মৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে কঠোৰ স্থিতি বিভাগৰ ৷

গোলাঘাট জিলাৰ মৰঙীৰ অন্তৰ্গত শ’লমাৰা টোপ অঞ্চলৰ সুলভ মূল্যৰ দোকানী মঃ ফৈজুদ্দিন আহমেদৰ বিৰুদ্ধে লাভ কৰা নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত আজি যোগান বিভাগে এক অভিযান চলায় ৷ এই অভিযানত দোকানীজনে ৰাজহুৱা সামগ্ৰী বিতৰণত কৰা বহু বিংসগতি পোহৰলৈ আহে ৷ উক্ত দোকানী গৰাকীয়ে ৰাজসাহাৰ্যযুক্ত কেৰাচিন তেলৰ মজুতকৰণৰ পঞ্জীয়ন বহী নৰখা, ১৪ জনতকৈ অধিক ৰেচন কাৰ্ড থকা হিতাধিকাৰীক চাউল বিতৰণ নকৰা, অন্যান্য অনুজ্ঞাপত্ৰ নথকাকে আদি কৰি বিভিন্ন দফা উলংঘনৰ বিৰুদ্ধে অৱগত হয় যোগান বিভাগৰ বিষয়াসকল ৷

No photo description available.

ইয়াৰোপৰি, তেওঁ ৰংদৈ মহিলা সমবায়ৰ নামৰ এখন সুলভ মূল্যৰ দোকান চলাই আছিল, বাস্তৱত যাৰ কোনো অস্তিত্ব নাই ৷ কোনোধৰণৰ অনুজ্ঞা পত্ৰ নোহোৱাকৈ এই সুলভ মূল্যৰ দোকানখনৰ নামত তেখেতে বিভাগৰ পৰা সামগ্ৰী সংগ্ৰহ কৰি হিতাধিকাৰীক বিতৰণ কৰি আহিছিল ৷
যোগান বিভাগে ইতিমধ্যেই মঃ ফৈজুদ্দিন আহমেদৰ বিৰুদ্ধে APDO ৰ দফা ২৩ নং উলংঘন কৰাৰ বাবদ এক গোচৰ ৰুজু কৰিছে ৷ ইয়াৰ লগতে যথাযথ চৰকাৰী প্ৰক্ৰিয়া অনুসৰণ কৰি বিভাগে ‘ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আঁচনি’ৰ অধীনৰ ৫.৮০ কুইন্টল চাউল জব্দ কৰে ৷
গোলাঘাট জিলাৰ খাদ্য আৰু যোগান বিভাগৰ বিষয়া কৰ্মচাৰীৰ এই তৎপৰতাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ ৷