আজিৰ দিনটো শুভ আৰু মঙ্গলময় হওঁক।

আপোনালোকৰ আশীৰ্বাদ আৰু সহায়-সহযোগিতাৰ ফলস্বৰূপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বানমৰ্মে মন্ত্ৰীত্ব গ্ৰহণ কৰাৰ পিছত আজি পোন প্ৰথমবাৰৰ বাবে মই অসম বিধানসভাৰ মজিয়াত উপস্থিত থাকিম। বিধানসভাত মোৰ বিভাগসমূহ ক্ৰমে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, সাধাৰণ প্ৰশাসন বিভাগ আৰু সচিবালয় প্ৰশাসন বিভাগক কেন্দ্ৰ কৰি উত্থাপন হোৱা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ মই উত্তৰ প্ৰদান কৰিম। ৰাতিপুৱা ৯.৩০ বজাৰ পৰা ১০.৩০ বজালৈ বিধানসভাত যি প্ৰশ্নোত্তৰ কাল থাকিব, সেই প্ৰশ্নোত্তৰ কালত মাননীয় বিধায়ক সকলে যিসমূহ প্ৰশ্নৰ উত্থাপন কৰিব সেই প্ৰশ্নৰ যথাযথ উত্তৰ দিবলৈ মই প্ৰয়াস কৰিম।May be an image of 1 person, standing, footwear, tree and outdoors

এইক্ষেত্ৰত, আপোনালোকে মাননীয় বিধায়ক সকলৰ প্ৰশ্নৰ আধাৰত মোৰ উত্তৰ সমূহ কেনে পালে অথবা মোৰ উত্তৰসমূহক লৈ আপোনালোকৰ যদি কোনো মন্তব্য দিবলগীয়া থাকে তেতিয়াহ’লে মোৰ কমেণ্ট বক্সত আপোনালোকৰ মতামত আৰু পৰামৰ্শ লাভ কৰিলে মই নথৈ আনন্দিত হ’ম।

আপোনালোক সকলোৰে আজিৰ দিনটো শুভ আৰু মঙ্গলময় হওঁক।

May be an image of 1 person, standing, footwear and outdoors