ধুবুৰী জিলাত অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয় শুভ উদ্বোধন
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে অসমৰ প্ৰতিখন জিলাৰ দৰেই ধুবুৰী জিলাটো এটি অভিভাৱকমন্ত্ৰীৰ কাৰ্যালয় স্থাপন কৰা হৈছে।

আজি জিলা উপায়ুক্তৰ উপস্থিতিত ধুবুৰী জিলাৰ এই অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয়টো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি কাৰ্যালয়টোত কিছু সময় অতিবাহিত কৰোঁ।
অভিভাৱক মন্ত্ৰীয়ে জিলাসমূহত জনসাধাৰণৰ বিভিন্ন কাম-কাজবিলাক নিয়াৰিকৈ কৰি নিয়াত এই কাৰ্যালয়সমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷