সকলোৰে বাবে সপোনৰ ঘৰখন
বিগত ১০০ টা দিনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কেইবাটাও ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ আৰু তাক ৰূপায়ণৰ বাবে সক্ষমতাৰে আগবঢ়াৰ সমান্তৰাল ভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণৰ অধীনত ৭২,৪৮৮ টা গৃহ নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছে। ইয়াৰ বাবে মুকলি কৰি দিয়া হৈছে ৩৮৯৪.৩৫ লাখ টকা।
পিএমএওৱাই-জি অধীনৰ কেঁচা ঘৰ সমূহ সংশোধিত কৰি সংজ্ঞা অনুসৰি ঘৰে ঘৰে গৈ জৰীপ চলোৱা হৈছে আৰু ১১,১৮, ৯৭৪ গৰাকী হিতাধিকাৰীক যোগ্য বুলি চিনাক্ত কৰা হৈছে। প্ৰকৃত হিতাধিকাৰী যাতে বাদ নপৰে আৰু পাব নলগা জনে যাতে নাপায় তাৰ বাবে মোৰ অধীনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভাগীয় বিষয়াই এই জৰীপ অতি নিষ্ঠাৰে চলাই প্ৰকৃত হিতাধিকাৰীক চিনাক্ত কৰিছে ।
প্ৰয়োজনীয় প্ৰতিজনেই সপোনৰ ঘৰখন লাভ কৰক। সপোনৰ ঘৰখন সপোনৰ হৈ নাথাকি বাস্তৱত ই সম্পূৰ্ণ হওঁক। তাৰ বাবে আমাৰ চৰকাৰে লোৱা পদক্ষেপে হিতাধিকাৰী সকলক উপকৃত কৰিব।