“এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন” সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আশা কৰিছোঁ, আপোনালোক সকলোৰে আজিৰ দিনটো মঙ্গলময় হওঁক ৷

“এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন”

সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আশা কৰিছোঁ, আপোনালোক সকলোৰে আজিৰ দিনটো মঙ্গলময় হওঁক ৷May be an image of 1 person, playing American football, standing, ball and grass

আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷ কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যান চান্দ দেৱে ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানক সৰ্বোচ্চ সন্মান জনাই তেওঁৰ জন্মদিনটোতেই দেশত উদযাপন কৰি অহা হৈছে “ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস” ৷

উল্লেখ্য যে, ভাৰত চৰকাৰে এইবেলি ক্ৰীড়াক্ষেত্ৰৰ বিভিন্ন উপলব্ধিৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান খেলৰত্ন বঁটাটি এই গৰাকী মহান ক্ৰীড়াবিদৰ নামেৰেই নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।May be an image of one or more people, people playing sport, people standing, ball and grass

আজি “ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস” উপলক্ষে মইও টিহু ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে বিভিন্ন ক্ৰীড়াত অংশগ্ৰহণ কৰাৰ লগতে টিহু ক্ৰীড়া সন্থাৰ অন্তৰ্গত বহুজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সকলক শ্ৰদ্ধা প্ৰদৰ্শন কৰোঁ। ইয়াৰ লগতে টিহুত বিভিন্ন ক্ৰীড়া অনুষ্ঠানত অংশগ্ৰহণ কৰি এক অনাবিল আনন্দ বুটলোঁ।