“যিসকলে নিজৰ লক্ষ্য স্থিৰ ৰাখি কৰ্তব্যৰ পথত নীৰৱে আগবাঢ়ে তেওঁলোকেই সমাজৰ আৰু জগতৰ ভৱিষ্যত আশাৰ থল।”
– ড° বাণীকান্ত কাকতি।
সকলোকে পুৱাৰ সম্ভাষণ জনাইছো ৷ আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক ৷
দৈনন্দিনৰ দৰেই প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চাৰে দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷ মুকলি আকাশৰ তলত এনেদৰেই কিছু সময় নিজক দি দিনটোৰ কাৰ্যসূচীৰ বাবে সাজু হৈছোঁ ৷