মোৰ অনুৰোধক সঁহাৰি জনাই পঞ্চায়ত প্ৰতিনিধি সকলৰ পাৰিতোষিকৰ আংশিক ধনৰ মঞ্জুৰি প্ৰদান কৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয়া বিত্তমন্ত্ৰী ডাঙৰীয়ানীক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী হিচাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্ব গ্ৰহণ কৰা দিনৰে পৰা মই বহু লোকৰ পৰা পঞ্চায়ত প্ৰতিনিধি সকলৰ পাৰিতোষিকৰ অনাদায় ধন মোকলাই দিয়াৰ বাবে অনুৰোধ লাভ কৰি আহিছিলোঁ ৷
সেইবিষয়টোক লৈ মই প্ৰায়েই মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছিলোঁ যে ৰাজ্যৰ গাঁও পঞ্চায়তৰ প্ৰতিনিধি সকল, আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি সকল আৰু জিলা পৰিষদ তথা ৱাৰ্ড সদস্য সকলৰ পাৰিতোষিকৰ ধন মুকলি কৰি দিব লাগে ৷
আপোনালোকক অতি আনন্দেৰে জনাব বিচাৰো যে, যোৱাকালি কেবিনেট বৈঠকত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে এই পাৰিতোষিকৰ বাবদ ৬৬৮৪.২৫ লাখ টকাৰ মঞ্জুৰি দিয়ে ৷ তামুলপুৰৰ দলীয় সভাত উপস্থিত থকা বাবে যোৱাকালি কেবিনেট বৈঠকত মই উপস্থিত থাকিব নোৱাৰিলো ৷ সভাত ব্যস্ত হৈ থকা সময়তে বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে মোক ফোন যোগে আগন্তুক দুৰ্গাপূজাৰ আগতে এই ধনৰাশি প্ৰদান কৰা হ’ব বুলি জনাইছে ৷
মোৰ অনুৰোধক সঁহাৰি জনাই এই পদক্ষেপ গ্ৰহণ কৰা বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয়া বিত্তমন্ত্ৰী ডাঙৰীয়ানীক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷