গ্ৰাম্য অৰ্থনীতিৰ বিকাশে ভাৰতবৰ্ষৰ পট পৰিৱৰ্তনৰ ক্ষমতা ৰাখে, এনেক্ষেত্ৰত পঞ্চায়ত সমূহৰ সক্ৰিয় কাম-কাজ প্ৰয়োজনীয়
হাইলাকান্দি জিলাৰ উপায়ুক্ত কাৰ্যালয়ত আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখন পৰ্যালোচনা সভা সম্বোধন কৰোঁ। সভাত বিভাগৰ বিষয়াবৰ্গৰ সৈতে বিভাগীয় কাম-কাজৰ বিস্তৃত আলোচনাৰ মাজেৰে জিলা খনত বিভাগৰ কৰ্মপ্ৰণালী সমূহৰ সামগ্ৰিক ভাৱে অগ্ৰগতি সম্পৰ্কত জ্ঞাত হওঁ ৷
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ উদ্যােগত আমাৰ ৰাজ্যখনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত বহু অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে। গ্ৰামাঞ্চলৰ ৰাইজক স্বাভিমান তথা স্বনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত চৰকাৰে বিভাগৰ দ্বাৰা গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপ তথা আঁচনিয়ে হাইলাকান্দি জিলাটো যাতে গ্ৰামাঞ্চলৰ ৰাইজক উপকৃত কৰি অনন্য ৰূপত আগবঢ়াই নিয়ে তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি জিলাৰ বিভাগীয় বিষয়া-কৰ্মচাৰীক নিজ দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনাইছোঁ।
আজিৰ এই পৰ্যালোচনা সভাত মোৰ সৈতে হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ, আলগাপুৰ সমষ্টিৰ বিধায়ক নিজামুদ্দিন চৌধুৰী, কাটলিচেৰা সমষ্টিৰ বিধায়ক চুজামুদ্দিন লস্কৰকে প্ৰমুখ্য কৰি জিলা উপায়ুক্ত আৰু পঞ্চায়ত প্ৰতিনিধি সকল তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷
Empowered Panchayats mean strong rural ecosystems
Today I addressed a P&RD review meeting at DC office in Hailakandi District in the presence of MLAs & dept officials.
Our aim is to create a flourishing rural economy through effective implementation of various govt schemes.