সমসাময়িকভাৱে ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ আঁচনিৰ অধীনত দুখীয়া ৰাইজক ৰেচন বিতৰণৰ কাৰ্যসূচী প্ৰায় সফলভাৱে ৰূপায়িত হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত ভাৰতৰ বিস্ময়কৰ সফলতা আৰু ভাৰতক বিশ্বৰ আগশাৰীৰ দেশসমূহৰ সমতুল্য কৰি তোলাটোৱে এক উদাহৰণ স্থাপন কৰিছে যিটো বৰ্তমান তথা অনাগত প্ৰজন্মই মনত ৰাখিব। সমসাময়িকভাৱে ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ আঁচনিৰ অধীনত দুখীয়া ৰাইজক ৰেচন বিতৰণৰ কাৰ্যসূচী প্ৰায় সফলভাৱে ৰূপায়িত হৈছে। ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ ৰ অধীনত বিগত ২০২০ বৰ্ষৰ আৰম্ভণি পৰ্যায়ত এপ্ৰিল মাহৰ পৰা জুন মাহলৈ দ্বিতীয় পৰ্যায়ত জুলাই মাহৰ পৰা নৱেম্বৰ মাহলৈ অতিৰিক্ত ৰেচন প্ৰদান কৰা হৈছে ৷ পুনৰ চলিত বৰ্ষত তীব্ৰতৰ ক’ৰোণা সংকটৰ সময়ত উল্লেখিত আঁচনিৰ অধীনত তৃতীয় পৰ্যায়ত এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহলৈকে প্ৰত্যেকগৰাকী ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’ ৰ অধীনত থকা হিতাধিকাৰীক বিনামূলীয়াকৈ অতিৰিক্ত ৫ কিলো চাউল যোগান ধৰি থকা হৈছে। বিনামূলীয়াকৈ লাভ কৰি থকা এই খাদ্য সামগ্ৰীসমূহ ‘এনএফএছএ’ ৰ অধীনস্থ হিতাধিকাৰী সকলে মাহেকত নিয়মীয়া ভাৱে লাভ কৰি থকা খাদ্য সামগ্ৰীৰ সৈতে অতিৰিক্তকৈ লাভ কৰিছে আৰু এই অতিৰিক্ত ভাৱে লাভ কৰা খাদ্য দ্ৰব্যৰ বাবদ হ’বলগীয়া সমুদায় ব্যয় বহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। অসমত ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ ৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতা শলাগ ল’বলগীয়া ৷ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিক সফল ৰূপত কাৰ্যকৰী কৰাত পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে ৷ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তত্বাৱধানত এই আঁচনি সফল ৰূপায়ণ কৰাত ৰাজ্যৰ খাদ্য তথা অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ সম্পূৰ্ণৰূপে সমৰ্থ হৈছে ৷ PMO IndiaNarendra ModiPiyush GoyalHimanta Biswa SarmaAshwini ChoubeyDepartment of Consumer Affairs, Government of IndiaMyGovIndiaMyGov Assam Related postsAugust 29, 2023আজি ২০২২-২৩ বৰ্ষৰ আনটাইড পুঁজি শিতানৰ অধীনত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগবঢ়োৱা ১ কোটি টকাৰে টিহু গান্ধী ভৱনৰ আন্তঃগাঁথনি উন্নয়নৰ কামৰ শুভাৰম্ভ কৰি নথৈ আনন্দিতRead moreJanuary 5, 2022আজি গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত, পবিত্ৰ বগুৱান কেওঁলীয়া হাটীসত্ৰ দৰ্শন কৰি পৰমেশ্বৰৰ অভয় চৰণত সবাৰে মংগল কামনাৰে সেৱা আগবঢ়াওঁ।Read moreDecember 28, 2021আজি পাটাছাৰকুছিস্থিত নিৰ্মল হালৈ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা মহাবিদ্যালয় পৰিচালনা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ।Read more